অৰুণাচল প্রদেশ     উজনি সোৱনশিৰি     ডুম্প’ৰিজো


এটা গোটৰ সংজ্ঞা হ'ল ভৌগোলিক ভাবে ঘণীভূতহৈ (এখন মহানগৰ, চহৰ অথবা কেইখনমান চুবুৰীয়া গাঁও আৰু তাৰ চৌপাশৰ সংলগ্ন অঞ্চলটো) থকা প্রায় একে ধৰণৰ বস্তু উপাদন কৰা আৰু একে ধৰণৰ সুযোগ আৰু ভাবুকিৰ সম্মুখীন হোৱা গোট সমূ্হৰ সমষ্টি। এটা শিল্পীৰ গোটৰ সংজ্ঞা হ'ল ভৌগোলিক ভাবে ঘণীভূতহৈ (সাধাৰণতে গাঁও/উপ-নগৰী সমূহ)থকা হস্তশিল্প/হস্ততাঁতজাত উপাদনৰ ঘৰুৱা গোট সমূহ। এটা প্রতিনিধিত্বমূলক গোটত তেনেকুৱা উপাদক সকল কেতিয়াবা এটা পৰাম্পৰাগত শ্রেণীৰ হয় আৰু পুৰুষানুক্রমে যুগ যুগ ধৰি প্রতিষ্ঠিত বস্তু উপাদন কৰি আহে। প্রকৃততে বহুতো শিল্পীৰ গোট শতিকা জুৰি চলি অহা পুৰণি শিল্পীৰ দল।

ডুম্প'ৰিজো খণ্ড গোট সম্পর্কে :

ডুম্প'ৰিজো খণ্ড গোট অৰুণাচল প্রদেশ ৰাজ্যৰ উজনি সোৱনশিৰি জিলাৰ ভিতৰত পৰে।

ডুম্প'ৰিজো খণ্ড গোটটো 203 জনতকৈও বেছি শিল্পী লৈ গঠিত আৰু 12 টা আত্ম সহায়ক গোটে (SHGs) শক্তিশালী কর্মী দলটোক সহায় কৰি আহিছে। এই কর্মোদ্যমে দিনে দিনে গতি লাভ কৰি আছে।

এম্ব্রইডাৰী:-

এম্ব্রইডাৰী মানে সাধাৰণতে এটুকুৰা কাপোৰ বেজীৰ কামেৰে অলংকৰণ কৰা অথবা জাক-জমকীয়া আর্হিৰে ভূষিত কৰা পদ্ধতিকেই বুজায়। সেয়েহে এম্ব্রইডাৰীক বেজী আৰু সূতা ব্যৱহাৰ কৰি বস্ত্রশিল্প শোভিত কৰা কলা হিচাপে গণ্য কৰা হয়।শিল্পী সকলৰ বৈচিত্রতাপূর্ণ সৃষ্টিৰ বাবে অৰুণাচল প্রদেশৰ এম্ব্রইডাৰীয়ে সুখ্যাতি লাভ কৰি আহিছে। অৰুণাচল প্রদেশৰ শিল্পী সকলে সামগ্রীবোৰ শোভিত কৰিবলৈ বর্ণাঢ্য চিলাইৰ ব্যৱহাৰ কৰে। অৰুণাচল প্রদেশৰ আটাইতকৈ গুৰুত্বপূর্ণ এম্ব্রইডাৰী কেন্দ্রবোৰ ডুম্পোৰিজো খণ্ড অঞ্চলত অৱস্থিত আৰু এইবোৰ সৃষ্টিৰ শ্রেষ্ঠতাৰ বাবে প্রশংসিত হয়। অৰুণাচল প্রদেশৰ এম্ব্রইডাৰী অন্যান্য সম্প্রদায়ৰ আয়ৰ এটা প্রধান উস। যদিওবা এম্ব্রইডাৰী কাপোৰ শোভিত কৰাৰ এটা পূর্বৰে পৰা চলি অহা বিশেষ পদ্ধতি, আজিৰ দিনতো ই অতি জনপ্রিয়। আর্হিবোৰ প্রাচীন কালৰে হওঁক অথবা আধুনিক যুগৰ জ্যামিতিক আর্হিয়েই হওঁক, কিন্তু একে এম্ব্রইডাৰীয়েই কাপোৰ অলংকৰণ কৰাৰ সাধাৰণ পদ্ধতি হিচাপে চলি আহিছে। দৰাচলতে, বিশেষজ্ঞসকলে আজি অনুভৱ কৰে যে উচ্চ হাৰৰ গ্রহণযোগ্যতাৰ কাৰণে এই শিল্পত অধিক সৃষ্টিশীলতা আৰু নতুনত্ব অনাৰ সুযোগ আছে।

এইবোৰত অলংকৃত টিক্‌ৰি আৰু মণিবোৰে এইবোৰক দেখিবলৈ আকর্ষণীয় কৰি তোলে। এই ধৰণৰ এম্ব্রইডাৰীবোৰ কাঠৰ ফ্রেমত কৰা হয়। কাপোৰবোৰত এটা দীঘল বেজী, সূতা, টিক্‌ৰি আৰু মণিৰে কাম কৰা হয়। সাধাৰণতে 1.5 ফুট উচ্চতাৰ ভিন্ন আকাৰৰ ফ্রেম ব্যৱহাৰ কৰা হয়, যাতে যিখিনি কাপোৰত স্টেন্‌ছিলৰ সহায়ত আর্হিটো অঁকা হয়, সেইখিনি লৰ-চৰ নকৰাকৈ থাকে। এখন হাতেৰে কাপোৰৰ তলত থকা সূতাখিনি বেজীৰে সৈতে ধৰি থাকে আৰু আনখন হাতেৰে বেজীটো কাপোৰৰ ওপৰলৈ সহজতে অনা-নিয়া কৰে।জাক-জমকীয়া টিক্‌ৰি আৰু মণিবোৰ বেজীটোৰ দ্বাৰা কাপোৰত লগোৱা হয়।

অন্য এটা এম্ব্রইডাৰীৰ ধৰণ হ'ল জ্যামিতিক অথবা ফুলৰ আকৃতিত তৈয়াৰ কৰা জালি অথবা নেট এম্ব্রইডাৰী, এইটো সূতাৰে দীঘ-বাণি তৈয়াৰ কৰি সূক্ষ্ম বুটামঘাত চিলাইৰে লগোৱা হয়। সম্পূর্ণ হোৱা সামগ্রীবোৰ সাধাৰণতে পর্দা, বিচনাৰ চাদৰ, আচবাব পত্রৰ আৱৰণ আৰু পোছাকৰ দৰে ঘৰুৱা বস্তু হিচাপে ব্যৱহাৰ হয়।

ব্যৱহৃত কেঁচা মাল:-

কাপোৰবোৰত এটা দীঘল বেজী, সূতা, টিক্‌ৰি আৰু মণিৰে কাম কৰা হয়। সাধাৰণতে 1.5 ফুট উচ্চতাৰ ভিন্ন আকাৰৰ ফ্রেম ব্যৱহাৰ কৰা হয়, যাতে যিখিনি কাপোৰত স্টেন্‌ছিলৰ সহায়ত আর্হিটো অঁকা হয়, সেইখিনি লৰ-চৰ নকৰাকৈ থাকে। এখন হাতেৰে কাপোৰৰ তলত থকা সূতাখিনি বেজীৰে সৈতে ধৰি থাকে আৰু আনখন হাতেৰে বেজীটো কাপোৰৰ ওপৰলৈ সহজতে অনা-নিয়া কৰে।

পদ্ধতি:-

এম্ব্রইডাৰীটো বিশেষ পদ্ধতি অনুসৰণ কৰিবলগীয়া বেছি কাৰিকৰী শিল্প কৌশল নহয় কিন্তু তথাপিও তলত লিখা সাধাৰণ পদ্ধতিখিনি অনুসৰণ কৰা হয়:-

  • 1. মূল চিত্রখন অংকণ কাগজত প্রতিসম নক্সা আৰু সুষম হোৱাকৈ অঁকা হয়, যেনে খকাটো।
  • 2. মূল চিত্রখন এম্ব্রইডাৰী কৰাৰ বাবে কাপোৰৰ ওপৰত নক্সা অঁকা মিশ্রণৰ (পনীয়া) দ্বাৰা অঁকা হয়।
  • 3. এতিয়া নক্সা অঁকা কাপোৰখন সকলো দিশৰ ফালে (শাৰী, বস্ত্র-সামগ্রী ইত্যাদি) টনটনীয়া হোৱাকৈ কাঠৰ ফ্রেমত বান্ধি ল'ব লাগিব। (এইটো কাঠৰ ফ্রেম নোহোৱাকৈও কৰিব পৰা যায়)
  • 4. কাঠৰ ফ্রেম থাকিলে চাপ মুক্তহৈ সহজতে ভাঁজ নপৰাকৈ এম্ব্রইডাৰী কৰিব পাৰি।
  • 5. মূল চিত্রখন নিখুঁত ভাবে বিভিন্ন চিলাইৰে এম্ব্রইডাৰী কৰি আকাংক্ষা কৰা চিত্রখন পাব পাৰি। (পাক্ক', কচ্ছ', চুফ, ৰাবাৰী, খৰেক ইত্যাদি)
  • 6. সম্পূর্ণ হোৱা ছবিখন বহুৰঙী হ'ব পাৰে আৰু ই তৈয়াৰ কৰিবলৈ সহজ।


কাপোৰখিনি (শাৰী, পোছাক, সামগ্রী ইত্যাদি) দ্রব্যটোৰ বিচৰা আর্হিৰ বিবেচনা অনুসৰি কাঠৰ ফ্রেমত বান্ধি লওঁক (এইটো কাঠৰ ফ্রেম নোহোৱাকৈও কৰিব পাৰি)। মূল চিত্রখন অংকণ কাগজত প্রতিসম নক্সা আৰু সুষম হোৱাকৈ অঁকা হয়, যেনে খকা। মূল চিত্রখন নক্সা অঁকা পনীয়া মিশ্রণৰ (কেৰাচিন আৰু গালি পাউদাৰ) দ্বাৰা এম্ব্রইডাৰী কৰাৰ বাবে অঁকা হয়। আকাংক্ষিত মূল চিত্রখন নিখুঁত ভাবে বিভিন্ন চিলাইৰ দ্বাৰা এম্ব্রইডাৰী কৰি বিচৰা মতে ফুটাই তোলা হয়।

এম্ব্রইডাৰীৰ আর্হিৰ ৰেখাবোৰ কাপোৰত হাতেৰে আঁকিলৈ সৰু ঘূৰণীয়া আর্চীবোৰ বুটাম ঘাত চিলাইৰে লগাোৱা হয়। ৰেচমী সূতা ব্যৱহাৰ কৰি ঘন ঘনকৈ চিলাই দি ষ্টেম বা হেৰিংবন আর্হি কৰা হয়। ফুল আৰু লতাৰ আর্হিবোৰ ডাঠ ৰঙৰ নেপথ্যৰ ওপৰত কৰা হয়।

কৌশল:-

সম্প্রদায় আৰু অঞ্চল ভেদে কৌশলবোৰ ভিন্ন হয়। এম্ব্রইডাৰী মানে সাধাৰণতে এটুকুৰা কাপোৰ বেজীৰ কামেৰে অলংকৰণ কৰা অথবা জাক-জমকীয়া আর্হিৰে ভূষিত কৰা পদ্ধতিকেই বুজায়। সেয়েহে এম্ব্রইডাৰীক বেজী আৰু সূতা ব্যৱহাৰ কৰি বস্ত্রশিল্প শোভিত কৰা কলা হিচাপে গণ্য কৰা হয়। এইটোত হাতেৰে আৰু যন্ত্রৰে কৰা এম্ব্রইডাৰীক সামৰি লয়। এতিয়ালৈকে হাতেৰ কৰা এম্ব্রইডাৰী ব্যয়বহুল আৰু সময় গ্রাসী পদ্ধতি হিচাপে চলি আহিছে। তথাপিও জটিল হাতৰ কাম থকাৰ বাবে ইয়াক অধিক পচন্দ কৰে।

এজন এম্ব্রইডাৰীকাৰীয়ে ব্যৱহাৰ কৰা মৌলিক কৌশল সমূহ:-

  • 1. ক্রছ ষ্টিছ্‌
  • 2. ক্রেৱেল কাম
  • 3. কেঁথাৰ কাম


কেনেকৈ উপস্থিত হ'ব:-

উজনি সোৱনশিৰি অৰুণাচল প্রদেশৰ এখন প্রশাসনিক জিলা আৰু ডেপোৰিজো ইয়াৰ সদৰ স্থান। নিকটতম বিমানবন্দৰবোৰ হ'ল তেজপুৰ, লীলাবাৰী। নিকটতম ৰে'ল ষ্টেচন হ'ল উত্তৰ লখিমপুৰ/হাৰমুটি। জিৰোলৈ ইটানগৰ/উত্তৰ লখিমপুৰৰ পৰা নিয়মীয়া বাছ আৰু টেক্সি সেৱা আছে।








অৰুণাচল প্রদেশ     উজনি সোৱনশিৰি     আপাৰ সুবনশিৰি এইচ এল এণ্ড এইচ চি কো-অ’পাৰেটিভ চ’চাইটি লিমিটেড