অসম     গোৱালপাৰা     মৰনৈ


এটা গোটৰ সংজ্ঞা হ'ল ভৌগোলিক ভাবে ঘণীভূতহৈ (এখন মহানগৰ, চহৰ অথবা কেইখনমান চুবুৰীয়া গাঁও আৰু তাৰ চৌপাশৰ সংলগ্ন অঞ্চলটো) থকা প্রায় একে ধৰণৰ বস্তু উৎপাদন কৰা আৰু একে ধৰণৰ সুযোগ আৰু ভাবুকিৰ সম্মুখীন হোৱা গোট সমূ্হৰ সমষ্টি। এটা শিল্পীৰ গোটৰ সংজ্ঞা হ'ল ভৌগোলিক ভাবে ঘণীভূতহৈ (সাধাৰণতে গাঁও/উপ-নগৰী সমূহ)থকা হস্তশিল্প/হস্ততাঁতজাত উৎপাদনৰ ঘৰুৱা গোট সমূহ। এটা প্রতিনিধিত্বমূলক গোটত তেনেকুৱা উৎপাদক সকল কেতিয়াবা এটা পৰাম্পৰাগত শ্রেণীৰ হয় আৰু পুৰুষানুক্রমে যুগ যুগ ধৰি প্রতিষ্ঠিত বস্তু উৎপাদন কৰি আহে। প্রকৃততে বহুতো শিল্পীৰ গোট শতিকা জুৰি চলি অহা পুৰণি শিল্পীৰ দল।

মৰনৈ গোট সম্পর্কে :-


মৰনৈ গোট অসম ৰাজ্যৰ গোৱালপাৰা জিলাৰ ভিতৰত পৰে।

মৰনৈ গোটটো 250 জনতকৈও বেছি শিল্পী লৈ গঠিত আৰু 18 টা আত্ম সহায়ক গোটে (SHGs)শক্তিশালী কর্মী দলটোক সহায় কৰি আহিছে। এই কর্মদ্যোমে দিনে দিনে গতি লাভ কৰি আছে।

টেৰাক'টা:-

অসমত আলতীয়া মাটি আৰু টেৰাক'টাৰ শিল্পৰ কাম কৰা হীৰা আৰু কুমাৰ নামেৰে দুটা বিভিন্ন সম্প্রদায় আছে। দুয়োটা সম্প্রদায়ৰে কার্য পদ্ধতি বেলেগ বেলেগ। হীৰা সকলে সংকোচন পদ্ধতি অনুসৰণ কৰি ঘৰুৱা বস্তুবোৰ তৈয়াৰ কৰে আৰু এই শিল্পটো হীৰা সকলৰ মহিলা সকলে কৰে। কুমাৰ সকলে চকৰি পদ্ধতি অনুসৰণ কৰি সুন্দৰ বাচন-বর্তনবোৰ তৈয়াৰ কৰে, যিবোৰ প্রথমতে চকৰিত তৈয়াৰ কৰি, শুকাই, ভাটিত বা চৌকাত পোৰে। খুব বেছিকৈ ব্যৱহৃত হোৱা বাচন-বর্তনবোৰৰ ভিতৰত থাল, মাটিৰ চাকি, মাটিৰ পুতলা, শিকলি, দিয়া, কলহ, পিয়লা, ধূপ ধাৰক আৰু ইত্যাদি বহুতো বস্তু আছে।

সাধাৰণতে আলতীয়া মাটিটো নদীৰ তলি, খাল আৰু গাঁতত পোৱা দুই বা তিনি ধৰণৰ বোকা মাটি মিহলাই তৈয়াৰ হয়। সদায় নহলেও, প্রায়েই এটা স্থানীয় ভাবে পোৱা থাল-ঠেঙুলি, শুকান পাত বা খৰি আদি ইন্ধন হিচাপে ব্যৱহাৰ হয়। যিবোৰ ভাটীত মাটিৰ পাত্রবোৰ সেকা হয়, সেইবোৰ 700-800 ডিগ্রী ছেলচিয়াচ তাপমাত্রাৰ ভিতৰত চলোৱা হয়। কুম্ভকাৰ পৰিয়ালৰ মহিলাবোৰেই চকৰিটোত কাম কৰি পাত্রবোৰৰ ঘুৰণীয়া ডিঙি আৰু উর্দ্ধাংশ তৈয়াৰ কৰে। তেওঁলোকে মাটিৰ কঠিন পুতলা আৰু খেলনাও তৈয়াৰ কৰে যিবোৰ পোৰা মাটিৰ সাঁচত ঢালাই কৰা হয়। দেৱ-দেৱীৰ ডাঙৰ মূর্তিও মাটিৰে তৈয়াৰ কৰে আৰু এইবোৰৰ দ্বাৰা এই পৰিয়ালবোৰে বহুত উপার্জন কৰে।

টেৰাক'টা, যিটো প্রধানকৈ অসমৰ গ্রাম্য অঞ্চলত পোৱা যায়, সেইটো বহুতো গৃ হস্থালিত পানী শীতল কৰি ৰখা মাটিৰ কলহ সুৰাই ব্যৱহাৰৰ দ্বাৰা মূলসুঁতিৰ জীৱনযাত্রাত সোমাই পৰিছে। প্রায়বোৰ গ্রামীণ গৃহস্থালিতেই গৰুৰ বাবে টেৰাক'টাৰ দানা দিয়া পাত্র, চাহ মগ, ভাত ৰন্ধাৰ বাবে মাটিৰ পাত্র, থাল, গিলাচ, য়'গার্ট পাত্র আদি ব্যৱহাৰ কৰে। প্রায়বোৰ বস্তুৱেই অৱশ্যে ব্যৱহাৰ কৰি পেলাই দিয়া ধৰণৰ।

ভাৰতবর্ষৰ টেৰাক'টা শিল্প আৰু মাটিৰ বাচন-বর্তনৰ পৰম্পৰা অতি চহকী, আনকি ইয়াৰ কিছুমান প্রাক্‌-ঐতিহাসিক যুগৰ লগত সম্পর্ক আছে। মাটিৰ বাচন-বর্তন শিল্পৰ বিস্তৃতি বিশ্বজনীন আৰু এই পৰম্পৰা পাচঁ হেজাৰ বছৰ ধৰি চলি আহিছে। টেৰাক'টা শিল্পৰ বাচন-বর্তনৰ দুর্বাৰ আকর্ষণৰ বাবে মাটিৰ বস্তু যেনে চাকি, কলহ, ফুল-দানি, পাত্র, বাদ্য-যন্ত্র, মম-দানি ইত্যাদি সৃস্টি কৰা হয়।

ব্যৱহৃত কেঁচা মাল:-

মৌলিক উপাদান: মাটি/আলতীয়া মাটি, সৰিয়হৰ তেল, কুমাৰৰ চকৰি, আঠা, মাড়, মম, আলতীয়া মাটি, থাল-ঠেঙুলি, শুকান ডাল, পাত, খৰি, ধান খেৰ, ৰঙা মাটি, ক'লা মাটি, হালধীয়া মাটি, বিভিন্ন ধৰণৰ মাটি (আলতীয়া মাটি/বোকা), খাদ্যযোগ্য আঠা, মাড়, আলতীয়া মাটি, মম। আলংকাৰিক উপাদান: ছাঁই, বালি, গৰুৰ গোবৰ, তুঁহ, আলতীয়া মাটি, ফুনানফাড়ি (তিতা কাপোৰ), ফুজেই (কাঠৰ মাৰি), কংখিল, বন্ধ কলহ, লেপচাম (ঘূৰণীয়া প্লেটফর্ম) প্লাষ্টিক আলতীয়া মাটি, সৰিয়হৰ তেল, কুমাৰৰ চকৰি, খাদ্যযোগ্য আঠা, মাড়, খনিজ শিল, আলতীয়া মাটি, মম।

পদ্ধতি:-

যিবোৰ আকৃতি বিভিন্ন ব্যৱহাৰৰ বাবে প্রয়োজন হয়, সেইবোৰ চকৰিটোৰ দ্বাৰা কৰা হয়। কিছুমান অংশ যেনে বেকা নলী বা হাতলবোৰ বাদ দিয়া হয়। সেইবোৰ বেলেগে ঢালাই কৰি গাটোত সংযোজন কৰা হয়। ইয়াৰ পিছত জ্যামিতিক চানেকি পৃষ্ঠভাগত আঁকিলৈ অলংকৰণৰ কাম কৰা হয়।

ছাঁই আৰু বালি মিহলোৱা আলতীয়া মাটিখিনি ভৰিৰে মাৰি, গোটাই লৈ লাহাচুৰেৰ কটা হয়। এতিয়া এইবোৰ হাতেৰে পীৰাৰ ওপৰত লৈ মাৰি লদা বনোৱা হয়। কংকৰ, সৰু শিলগুটি, ঠাল-ঠেঙুলি ইত্যাদি সকলো কঠিন বস্তু আঁতৰাই পেলোৱা হয়। সাজু হোৱা আলতীয়া মাটিখিনি চকৰিটোৰ ওপৰত বিভিন্ন ৰূপ দিবলৈ ৰখা হয়। এটা কুমাৰৰ চকৰিত চুটি স্পোক থাকে, কঠিন কাঠ বা ধাতুৰ অক্ষদণ্ডৰ ওপৰত ঘূৰে আৰু ডাঙৰ নাভিকেন্দ্র থাকে যিটোৱে এখন ঘূৰণীয়া মেজৰ দৰে কাম কৰে। ৰীমটোৰ ফুটাত এডাল উলম্ব লাঠী সুমাই দিয়া হয়। কুমাৰে মাৰি থোৱা মাটিখিনি চকৰিৰ কেন্দ্রত পেলাই দি লাঠীডালৰ সহায়ত চকৰিটো ঘূৰায়। অপকেন্দ্রীক শক্তিৰ বাবে মাটিৰ লদাটো বাহিৰ আৰু ওপৰৰ পিনে টানে আৰু ই কলহৰ আকাৰ ধাৰণ কৰে। এইটো এডাল ৰচীৰে টানি উলিয়াই, শুকাই কুমাৰৰ ভাটীত পোৰা হয়। মাটিৰ বস্তুবোৰ পোৰাৰ পিছত টেৰাক'টালৈ ৰূপান্তৰিত হয়।

পাত্রবোৰ সৰল খোলা গাতৰ ভাটিত পোৰা হয়, যিবোৰ খুব কার্যকৰ আৰু পাত্রবোৰ 700-800 ডিগ্রী ছেলচিয়াচ তাপমাত্রাৰ ভিতৰত পোৰাৰ বাবে কম ব্যয়বহুল হয়। পাত্রবোৰৰ তৰপ, পাতৰ তৰপ, ঠাল-ঠেঙুলি আৰু কেতিয়াবা গৰুৰ শুকান গোবৰ দি পাত্রবোৰ সজোৱা হয়। তাৰ পিছত মাটিৰ দ'মটো ধান খেৰেৰে ঢাকি তাৰ ওপৰত পলসুৱা মাটিৰ পাতল তৰপেৰে ঢাকি দিয়া হয়। পুৰিবলৈ চাৰি বা পাঁচ ঘণ্টা সময় লাগে।

ক'লা, ৰঙা আৰু হালধীয়া আলতীয়া মাটি টেৰাক'টাৰ বস্তু তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়, যিবোৰ সৰু সৰু টুকুৰা হিচাপে পশ্চিম বংগ আৰু দিল্লীৰ পৰা সংগ্রহ কৰা হয়। সামগ্রীবোৰ ভালকৈ মিহলাই চোকা ৰ'দত শুকোৱা হয়, যাতে কোনো ধৰণৰ আর্দ্রতা থাকিলে শুকাই যায়। তাৰপিছত তিতা মাটিৰ মিশ্রণটো মিহি চেকনীৰে সৰু সৰু শিলগুটিবোৰ গুচাবলৈ চেকি পেলোৱা হয়। হাতেৰে আকৃতিবোৰ দিয়াৰ পিছত বস্তুবোৰ গৰুৰ শুকান গোবৰ, ইন্ধন আৰু কাঠৰ গুৰি ইত্যাদিৰে ঢাকিলৈ উন্নতৰ ভাটীত পোৰা হয়।

ছাঁই আৰু বালি মিহলোৱা আলতীয়া মাটিখিনি ভৰিৰে মাৰি, গোটাই লৈ লাহাচুৰেৰ কটা হয়। এতিয়া এইবোৰ হাতেৰে পীৰাৰ ওপৰত লৈ মাৰি লদা বনোৱা হয়। কংকৰ, সৰু শিলগুটি, ঠাল-ঠেঙুলি ইত্যাদি সকলো কঠিন বস্তু আঁতৰাই পেলোৱা হয়। সাজু হোৱা আলতীয়া মাটিখিনি চকৰিটোৰ ওপৰত বিভিন্ন ৰূপ দিবলৈ ৰখা হয়। এটা কুমাৰৰ চকৰিত চুটি স্পোক থাকে, কঠিন কাঠ বা ধাতুৰ অক্ষদণ্ডৰ ওপৰত ঘূৰে আৰু ডাঙৰ নাভিকেন্দ্র থাকে যিটোৱে এখন ঘূৰণীয়া মেজৰ দৰে কাম কৰে। ৰীমটোৰ ফুটাত এডাল উলম্ব লাঠী সুমাই দিয়া হয়। কুমাৰে মাৰি থোৱা মাটিখিনি চকৰিৰ কেন্দ্রত পেলাই দি লাঠীডালৰ সহায়ত চকৰিটো ঘূৰায়। অপকেন্দ্রীক শক্তিৰ বাবে মাটিৰ লদাটো বাহিৰ আৰু ওপৰৰ পিনে টানে আৰু ই কলহৰ আকাৰ ধাৰণ কৰে। এইটো এডাল ৰচীৰে টানি উলিয়াই, শুকাই কুমাৰৰ ভাটীত পোৰা হয়। মাটিৰ বস্তুবোৰ পোৰাৰ পিছত টেৰাক'টালৈ ৰূপান্তৰিত হয়।

কৌশল:-

কুমাৰজনে এটা আয়তকাৰ বা বালি মিহলোৱা আলতীয়া মাটিখিনিৰ ল'দাৰে আৰম্ভ কৰে, যিটো ঘূৰাণীয়াকৈ ভাঁজ কৰি ভেটিটো যোগ কৰা হয়। তাৰপিছত এইটো কুমাৰৰ আঠুৰ সমান উচ্চতাৰ, সাধাৰণতে এডাল গছৰ ডালৰ ঘূৰণীয়া প্লেটফর্ম লেপছানত স্থাপন কৰা হয়। এতিয়া এটুকুৰা তিতা ডাঠ কাপোৰ বা ফুনানফাড়িৰে খোলা ৰীমটোৰ চাৰিওকাষ ঢাকি দি মহিলা শিল্পীজনীয়ে দুয়োখন হাতেৰে ধৰি চকৰিৰ দিশত ঘূৰাই থাকে যেতিয়ালৈকে কলাৰটোৰ সুক্ষ্ম ৰূপ ফুটি নুঠে। ইয়াৰ পিছত তেওঁ পাত্রটো এডাল কাঠৰ মাৰি বা ফুজেইৰে শিলাখণ্ডৰ ওপৰত কোবায়, যেতিয়ালৈকে ইয়াৰ আকৃতিৰ সম্প্রসাৰণ, বেৰবোৰৰ বিচৰা ঘনত্বৰ প্রয়োজন অনুসৰি নহয়। বঠাৰ আকৃতিৰ মাৰিডালৰ এমূৰ বেকা কৰি অগভীৰ ক্রিছ-ক্র'ছ বা ৰৈখিক নক্সা তৈয়াৰ কৰে, যিটোৱে পাত্রবোৰৰ খচিত কৰা বৈশিষ্ট বা বাস্কেটৰ চেহেৰা আনি দিয়ে। যেতিয়া আধা শুকোৱা হয়, পাত্রবোৰৰ পৃষ্ঠবোৰ বনৰীয়া লতাৰ গুটি কংখিলৰ দ্বাৰা ক্লান্তিজনক ভাবে বার্নিছ কৰি এইবোৰক বার্নিছ কৰাৰ দৰে চেহেৰা দিয়া হয়। পোৰাৰ পিছৰ ক'লা মাটিৰ উজ্জ্বলতা আহে, জকমকীয়া উজ্জ্বল কমলা কৰি লোৰ বস্তু যেন হয়, সম্পূর্ণ ৰঙ ক'লা হ'বলৈ বস্তুটো বন্ধ পাত্রত পোৰা হয়।

ছাঁই আৰু বালি মিহলোৱা আলতীয়া মাটিখিনি ভৰিৰে মাৰি, গোটাই লৈ লাহাচুৰেৰ কটা হয়। এতিয়া এইবোৰ হাতেৰে পীৰাৰ ওপৰত লৈ মাৰি লদা বনোৱা হয়। কংকৰ, সৰু শিলগুটি, ঠাল-ঠেঙুলি ইত্যাদি সকলো কঠিন বস্তু আঁতৰাই পেলোৱা হয়। সাজু হোৱা আলতীয়া মাটিখিনি চকৰিটোৰ ওপৰত বিভিন্ন ৰূপ দিবলৈ ৰখা হয়। এটা কুমাৰৰ চকৰিত চুটি স্পোক থাকে, কঠিন কাঠ বা ধাতুৰ অক্ষদণ্ডৰ ওপৰত ঘূৰে আৰু ডাঙৰ নাভিকেন্দ্র থাকে যিটোৱে এখন ঘূৰণীয়া মেজৰ দৰে কাম কৰে। ৰীমটোৰ ফুটাত এডাল উলম্ব লাঠী সুমাই দিয়া হয়। কুমাৰে মাৰি থোৱা মাটিখিনি চকৰিৰ কেন্দ্রত পেলাই দি লাঠীডালৰ সহায়ত চকৰিটো ঘূৰায়। অপকেন্দ্রীক শক্তিৰ বাবে মাটিৰ লদাটো বাহিৰ আৰু ওপৰৰ পিনে টানে আৰু ই কলহৰ আকাৰ ধাৰণ কৰে। এইটো এডাল ৰচীৰে টানি উলিয়াই, শুকাই কুমাৰৰ ভাটীত পোৰা হয়। মাটিৰ বস্তুবোৰ পোৰাৰ পিছত টেৰাক'টালৈ ৰূপান্তৰিত হয়।

কেনেকৈ উপনীত হ'ব:-

গুৱাহাটীৰ বৰঝাৰত নগৰৰ কেন্দ্রৰ পৰা 25 কিল'মিটাৰ পশ্চিমত এটা আন্তর্জাতিক বিমান বন্দৰ আছে। গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ বিমান বন্দৰটো দেশৰ মেট্র' মহানগৰবোৰৰ লগত সুন্দৰ ভাবে বায়ু পথেৰে সংযুক্ত। ইণ্ডিয়ান এয়াৰলাইনছ্‌ আৰু ব্যক্তিগত এয়াৰলাইনছ্‌বোৰে গুৱাহাটীলৈ নিয়মীয়া উৰণ চলায়। দেশৰ অন্যান্য অংশবোৰ গুৱাহাটীৰ লগত ৰে'ল সংযোগ ব্যৱস্থাৰে সুন্দৰ ভাবে সংযুক্ত। কলকাতা, দিল্লী, চেন্নাই, মুম্বাই আৰু অন্যান্য গুৰুত্বপূর্ণ নগৰবোৰৰ পৰা পোনপটীয়া ৰে'ল সেৱা আছে। ৰাষ্ট্রীয় ঘাই পথৰ নেটৱর্ক আৰু অন্যান্য ৰাজ্যিক পথবোৰে গুৱাহাটীক দেশৰ অন্যান্য অংশবোৰৰ লগত সংযোগ কৰিছে।









অসম     গোৱালপাৰা     অসম হস্তশিল্প বিকাশ সমিতি